অতি জনপ্ৰিয় গীত সমূহ





কাষতে কলচী লৈ যায় ঐ ৰচকী বাই
সপোনৰ সঁফুৰা চকুযুৰি লৈ
মৰমৰ অমিয়া ভৰাই ঐ ৰচকী বাই যায়
ঐ ৰচকী বাই
ৰাংঢালী ওঁঠেদি বনগীত এফাঁকি
জ্বলাই সুৱলা সুৰৰে চাকি
কাষৰে ফুলনি উজলাই
ৰচকী বাই যায়
ঐ ৰচকী বাই
মলয়াৰ চুমাৰে ক’লা চুলিতাৰি
ভেতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী
বিজুলীৰে মিলি উজলাই ৰচকী বাই যায়
ঐ ৰচকী বাই


মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মিনা কৰাই
মৰমেৰে তৰিম
কিনকিনিয়া চকুলোৰে
হুমুনিয়াহৰ ভাপকণেৰে
প্ৰণয় সুৰুয দেৱতাৰে
জিলিকণি সানিম
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আলফুলে বাই
বিজুলী নতিৰ নাচোনটি চাই
দেও দি দেও দি নাচিম


মোৰ কবিতাৰ ছ্ন্দ লাগি
স্পন্দন তোৰ জাগেনে
কথা মালিকাৰ গন্ধ লাগি
সোনৰ সপোন ভাগেনে
নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি
হিয়াত নাচোন উঠেনে
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ
ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোলমোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচেনে


উটি যা ৰূপালী নাওঁ
উটি যা ৰূপালী নাওঁ
জোৰ কৈ বা জোৰ কৈ বা
অ’ মোৰ পচোৱা মলয়া বা
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল
শুনি তোৰ মৃদুল সুৰ
সিয়ঁৰি উঠে মোৰ গা
লুইতৰ বুকুৰে ঢল
নাচি কৰে তলমল
গাই ব‍ই কলল
তোলে সুমধুৰ ৰাগ
উটি যা ৰূপালী নাওঁ


সোনৰে সপোন ভাঙি
পুৱঁতি নিশা সোনালী ঊষা
তন্দ্ৰালস আসি মেলি
উঠে জাগি উঠে জাগি
আউল বাউল খোপাটি খুলি
আবেশ আকুল দেহাটি তুলি
ঘূমতি হাৰা নয়নতৰা
অলপ খুলি অলপ মেলি
উঠে জাগি উঠে জাগি