ৰোমান্টিক গীত সমূহ





আজলি হিয়াৰ মাজে
বিজুলী বান মাৰে
উজলাই হিয়াৰ মণি 
কাজলী চ্কুৰ ঠাৰে
তাইৰ কাজলী চ্কুৰ ঠাৰে
বিজুলী বাণ মাৰে
পূবৰ দুৱাৰ মেলি
আহে তাই কিৰণ ঢালি
হিয়া যে মোৰ চমকে
তাইৰ মিচিকি হাঁহিৰে
বিজুলী বাণ মাৰে
ফাগুণী মলয়া বাই
অমিয়া সুৰেৰে গায়
তালে তালে নাচে তাই
বুকুৰ চেঁৱে ধীৰে বিজুলী বাণ মাৰে


লগন উকলি গ’ল
তেওযে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা
কিমান হেঙুলী উষা
কিমান জোনালী নিশা
মিছাতেই গ’ল মোৰ
কিমান গধুলি পুৱা
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে
শুনিছানে সেই সুৰ
পৰাণৰত তোলা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা ভালপোৱা


নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব
কপৌ ফুলে নুশুৱাই যদি
ঘিলা খোপাতে তোৰ
হিয়া ফুল এপাহি দিম গুজি
খোপাতে মনোহৰ
মহাসাগৰ সিঁচি আনিম
সাত মাণিকৰে ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলীৰ ফুল কোমল
মাণিক ফুলে নুশুৱাই যদি
সাতসৰীতে তোৰ
হিয়া ফালি পিন্ধাম
তেজাল পোৱালমণি মোৰ


পৰজনমৰ শুভলগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শুণ্য মোৰ বুকু হ’ল যে উকা
এই জীৱনৰ আঁঊসী ৰাতি
চকুলো টুকি যায় যে কাতি
কাহানিও সুখৰ ৰূপহী জোনাই
হৃদয়তে জিলিকণি নিবিলায়
এই জীৱনৰ গোপন কথা
গুপুতে থাকি দিয়ে যে বেথা
কাহানিও তুমি নেদেখিলা
শোকৰে ছবি হিয়াত অঁকা


টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খাম্‌টি ছোৱালী
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙমনেৰে খেলি ফুৰে
নাচনী বিজুলী
বনৰে বনৰীয়া
ডেকাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজলি
পোৱালৰ ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি
আভা ঢালি কৰে ৰাঙলী
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে চায়
দুটি নয়ন পাহি মেলি
খাম্‌টি ছোৱালী
কাষ চাপোতেই
তাৰে বুকুত পৰে ঢলি
খাম্‌টি ছোৱালী