ধাৰ্মিক গীত সমূহ





অলিয়া বলিয়া কৃষ্ণাই কলীয়া ভাল
অ’ গকুলত ঘিলা খেলিছিলা
ঘিলা খেলি খেলি
ক’তে ময়াপী ৰ’লা
অ’ কলীয়া ভাল
গকুলত ঘিলা খেলিছিলা
তোমাকে নেদেখি ক্ষিতি লেখি লেখি
গোপিনী সকলে
নখৰে জেউতি পেলালে ক’লা
বিচাৰি কৰিলে জ্বলা কলা
অসুৰ শতৰুৰ লগতে কলিয়া
ভাল গকুলত লগৰী পালা
অঘা মঘা দুই অসুকৰকে বধি
কংস মোমাইক মাৰি অ’ কলীয়া
চিৰ কাললৈ কিৰিতি ৰাখিলা


অ’ গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়
অ’ গুৰু অ’
ভাটিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু অ’
বালিতে বান্ধিলা পঁজা
হে ৰাম ৰাম বালিতে বান্ধিলা পঁজা
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা
অ’ গুৰু অ’
নাও শিমলুৱা বঠা শিমলুৱা অ’
আৰু শিমলুৱা চৈ
হে ৰাম ৰাম আৰু শিমলুৱা চৈ
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ
হে ৰাম ৰাম
ছকুৰি ভকতক লৈ
অ’ গুৰু অ’
এই নাও খনিতে
শিলে ভৰাই দিলা অ’
নাও বুৰোঁ বুৰোঁ কৰে হে ৰাম ৰাম
নাও বুৰোঁ বুৰোঁ কৰে
নাও বুৰা দেখি শ্ৰী শংকৰগুৰু
আপুনি কান্ধ পাতি ধৰে
হে ৰাম ৰাম
আপুনি কান্ধ পাতি ধৰে
অ’ গুৰু অ’
মাজ সাগৰতে একেডাল বিৰিখ অ’
তাতে নানান পখীৰ ছাঁয়া হে ৰাম ৰাম
তাতে নানান পখীৰ ছাঁয়া
ৰজনী পুৱালে দশো দিশে গ’লে
এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া


অ’ মোৰ নাৱঁৰ ভৰষা নাইৰে
হে স্বামী নাৱঁৰ ভৰষা নাইৰে
নাৱঁৰীয়া বোৰে গুৰি বঠা ধৰে
গোবিন্দ নাম গাই ৰে
হে স্বামী নাৱঁৰ ভৰষা নাই ৰে
উপৰে তপত বেলি তলে তপত বালি
বুকুত শোকৰ জুই জ্বলে
নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে
বৈছে পগলা ঢলে
বিমোৰত পৰিলোঁ বুলি নাৱঁৰীয়া
গোবিন্দ নাম গায় ৰেহে স্বামী
ক’লাকৈ ডাৱঁৰে আকাশখন ছাটিছে
সুৰুযে লুকাইছে গা
বিজুলী ছাটেৰে ঢেৰেকনী মাৰি
বলিছে পগলা বা
নাওঁ টুলু বুলু বঠা টুলু বুলু
আৰু টুলু বুলু চৈ
পৰ্বতে প্ৰমানে ঢৌ তুলি তুলি
গৰজি উঠিছে নৈ
উপায়ো নেদেখি
মোৰে নাৱঁৰীয়া
গোবিন্দ নাম গায় ৰে