বিপ্লৱী গীত সমূহ




হে বিপ্লৱী বীৰ অধিনায়ক হে
দিয়া অগ্নিবাণী বিপ্লৱৰ
ভাঙা বন্দীশাল কৌটিকালৰ
মুক্তি হওঁক নিৰ্য্যাতিতৰ
তব দীপ্ত অনুৰাগে
নিদ্ৰা আচম্বিতে জাগে
জাগে জাগে
জাগে নিপীড়িত দল জগতৰ
তব শুভ আগমনে জাগে
ৰক্তভানু নৱ ভালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ, দলিতৰ

*************************************************************************************
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
কত শ্বহীদৰ দুখৰ জীৱনী লিখা
কত ব্যথিতৰ বেদনাৰ ছবি অঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথৰেখা
ৰচি যাম বহু শোষিতৰ হা-হুতাহ
তেজৰ বোলেৰে লিখি যাম ইতিহাস
ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁঠি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
জেউতিৰ নৱ জিলিকণি দিম মেলি মেলি
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সম্মান
মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ
আনিম ধৰাত চিৰ শান্তিৰ আভা


ব’ল ব’ল ব’ল কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া আগ বাঢ়ি যাওঁ ব’ল
জাগ জাগ জাগ মজদুৰ নজোৱান
নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান
তোৰ বাহুতেই আছে লুকাই অসীম শক্তি বল
ৰণৰ শিঙা বাজে শুন ঐ আগবাঢ়ি যাওঁ ব’ল
আগ বাঢ়ি যাওঁ ব’ল আগ বাঢ়ি যাওঁ ব’ল
অ’ বনুৱা সমনীয়া আগ বাঢ়ি যাওঁ ব’ল
কিহৰনো ভয় আছে অভয় বাণী দেৱতাৰ
শতৰু সৌ চৌপাশে ল‍ই ধনী জমিদাৰ
সোহে কলিজাৰ ৰঙা তেজ প্ৰজা দুখীয়াৰ
ধ্বংস কৰ ধ্বংস কৰ ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ’ল
হাল কোৰ দা হাতুৰী লৈ ৰণলৈ যাওঁ ব’ল
ত‍ই খুৱাৱ বিশ্ববাসীক মাটি ফালি ধান
ত‍ই যোগাৱ ধনীক শ্ৰেনীক অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন পথাৰ সুবহল
নাঙল কাঁচি হাতুৰী দাৰ যাদুকৰী বল
জগত জোৰা শকতি যাৰ সেই শকতিৰ দল
ৰঙা তেজৰ নিচানটি লৈ আগবাঢ়ি যাওঁ ব’ল


ভাং ভাং ভাং ভাং
লোহাৰ শিকলি চিঙ
চিঙ চিঙ চিঙ চিঙ
দাসৰ বান্ধোন চিঙ
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল
ভাং ভাং দুৱাৰৰ দাং
শুন সৌৱা শুন শুন
ঘেৰিছে ৰণ বিষাণ
মুক্ত আকাশে উৰে
দিপ্ত ৰঙা নিচান
ৰক্তেৰে ৰঞ্জিত সুৰুয উদীয়মান
শুন মুকুতিৰ তুৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰ’ মজদুৰ কিষাণ
মুক্তিমান মুক্তিমান মুক্তিমান


আমি বিপ্লৱ পথলৈ আগুৱাম
বিপ্লৱ পথৰে যাত্ৰী আমি
সৰ্বহাৰাৰ মুক্তি কামী
বিজয়ৰ জয় গান গাই যাম
শত শত জনতাৰ
দেখি দুখ হাহাকাৰ
দেখি লাঞ্চনা বঞ্চনা সৰ্বহাৰাৰ
কৰিবলে’ অৱসান
শোষণৰ অভিযান
গৰজি উঠে আজি বিপ্লৱী প্ৰাণ
গণ মুক্তি বাহিনী বনুৱা কৃষকৰ
অভিযান ই যে পঞ্চায়তী শাসনৰ
কৰিবলে’ অৱসান
শোষণৰ অভিযান
গৰজি উঠে আজি বিপ্লৱী প্ৰাণ