চিৰ জ্যোতিষ্মান গীত সমূহ





বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে
পখিলা উৰিছে
সানিছে ৰেণুৰে বোল
গছৰে ডালতে গাইছে কুলিয়ে
কুউ কুউ কৈ
দূৰ দূৰণীতে জুৰিটিয়ে নাচিছে
জিৰ জিৰ জিৰ জিৰ কৈ
নিজান বননিতে কেতেকী চৰাইয়ে
সুহুৰি মাৰিছে ৰৈ



অ’ অসমীয়া ডেকা দল
আজি তোৰে তেজাল বদন
মলিন কিয় হ’ল
দূৰ্গম নদ পাহাৰ গিৰী
লম্ভিছিলে ডেকাগিৰী
সুন্দৰ শংকৰে লুৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল অ’
অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকিয়া হ’ল
কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য্য
নাটগীত নাম বৰগীত
হওঁক ৰণৰ তুৰ্য্য
আৰ্হিটি তেওঁৰ এই অসমৰ
হওঁক অসীম বীৰ্য্য
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল


আজলী ছোৱালী নানা ফুলে তুলি
আনিলোঁ আঁচল ভৰাই
সজাই ফুলেৰে অতি যতনেৰে
বৰালোঁ বৰণ শৰাই
ৰঙিলী পখিলী
ৰঙা পাখি মেলি
আদৰি নাচি নাচি যায়
কুলি কেতেকীয়ে
বিৰিখে বিৰিখে
উলাহত সুহুৰিয়ায়
তোমাকে আদৰি আনে ঐ সাদৰি
শত ভকতৰে দল
শংখ বাজিছে বৰকাঁহ ধ্বনিছে
উঠিছে উৰুলীৰ ৰোল