Monday, February 14, 2011

স্বাগতম

কলাগুৰু বিষ্ণুৰাভা অসমৰ সাংস্কৃতিক জগতৰ চিৰনমস্য পুৰুষ। তেওঁৰ সৃষ্টিৰাজিৰ অন্যতম সৃষ্টি তেওঁৰ দ্বাৰা ৰচিত গীত সমূহ;যাক আমি শ্ৰদ্ধাৰে,মৰমেৰে "বিষ্ণু ৰাভা সংগীত" ৰূপে অভিহিত কৰিছোঁ। কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু তেওঁৰ সৃষ্টি সমূহক চিৰযুগমীয়া কৰি অসমীয়াৰ অন্তৰত পুহি ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই এই জালপঞ্জী তৈয়াৰ কৰা হৈছে। এই জালপঞ্জীত কলাগুৰু ৰচিত পশিছটা গীতৰ কথা সমূহ সন্নিৱিষ্ট কৰা হ। গীত সমূহক গায়কী দৃষ্টি ভংগীৰে নসজাই কথা আৰু কাব্যিক দৃষ্টিভংগীৰে সজাবলৈ প্ৰয়াস কৰা হৈছে। তাৰ অন্তৰ্নিহিত উদ্দেশ্য এয়ে যে আজিৰ অসমীয়াই কলাগুৰুৰ মহান গীত সমূহ পঢ়ি চাবলৈ আৰু এই গীত সমূহৰ ভিতৰত সমাহিত কলাগুৰুৰ কলা আৰু সমাজক ফঁহিয়াই চোৱাৰ দৃষ্টিক উপলব্ধি কৰিবলৈ যাতে এক সুযোগ পায়। সুৰ-তাল-লয় শিল্পীৰ সাধনাৰ ফল,যাক আমাৰ দৰে মূৰুখমতিয়ে হয়তো হৃদয়ঙ্গম কৰিব নোৱাৰোঁ। কিন্তু আমি ন-সমাজৰ অসমীয়া। আমাৰ অন্তৰত কলাগুৰুৰ সমাজ বিশ্লেষণৰ ছবি চিৰ জাগ্ৰত হৈ থকা মানেই আজিৰ সমাজক কলাগুৰুৱে আঁত ধৰাৰ সমকক্ষ
     কলাগুৰু বিষ্ণুৰাভা দেৱে যিদৰে সমাজৰ শোষিত,দলিত শ্ৰেণীৰ মুক্তিৰ হকে যুঁজি "তেজৰ বোলেৰে লিখি যাম ইতিহাস" আৰু "আমি বিপ্লৱ পথলৈ আগুৱাম"ৰ লেখীয়া বিপ্লৱী ভাব-ভংগীৰ গীত ৰচনা কৰিছিল,একেদৰে সেইজন বিষ্ণুৰাভাই প্ৰেমৰ মোহময়ীতাত ডুবি "নাহৰ ফুলে নুশুৱায়" আৰু "লগন উকলি গল"ৰ লেখীয়া সুমধুৰ গীতো অসমবাসীলৈ আগবঢ়াই গৈছে
     আজিৰ অসমৰ সকলোৱে কলাগুৰুএই মহান সৃষ্টি সমূহ পঢ়ি,উপলব্ধি কৰি কলাগুৰুৰ অদৰ্শৰে উদ্ভাসীত হওঁক আৰু অসমৰ সৰ্বাঙ্গীন উন্নতিত কলাগুৰুক নিজৰ অদৰ্শ জ্ঞান কৰকআমাৰ ক্ষুদ্ৰ শ্ৰমে সাৰ্থকতা পাব