চিৰ যুগমীয়া গীত সমূহ





আজি মন্দিৰ দুৱাৰ খোলা
বহে মিলন উত্‍সৱ মেলা
শুনো মংগল আৰতিৰ গান
নাচি উঠে ভকতৰ প্ৰাণ
অ’ তোৰ হ’ল যে পূজাৰ বেলা
আজি মন্দিৰ দুৱাৰ খোলা
স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তলসৰা তুলি ফুল মনোহৰা
গাঁথিলোঁ উলাহে মালা
অ’ তোৰ হ’ল যে পূজাৰ বেলা


বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা
নাচা তমোহৰদেউ নাচা
বন্দেবন্দে আজি সব ভকতবৃন্দে
তব চৰণকমল বন্দে
জ্বলোৱা সাগ্নিক তপ হোম বহ্নি
বিনাশক এন্ধাৰ তব জয়ী অগ্নি
বিশ্বৰ দেউলত জ্ঞানৰ বন্তি
আলোকৰে শিখা উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশিপুলকানন্দে বন্দে
নাচোনৰ তালে তালে পুষ্পিত ফুলনি
চেৱে চেৱে হালে জালে বিকশিত বননি
আমোলমোল কৰে শুৱনী ধৰণী
পুষ্পিত সুবাসিত গন্ধে
বন্দে বন্দে আজি সব ভকতবৃন্দে
বন্দে তবচৰণকমল বন্দে


অ’ পূজাৰী আদৰি
দিলোঁ এই বৰণ শৰাই
পূজাৰী দিলোঁ এই বৰণ শৰাই
বিয়পি ধৰণী শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বশ্য ভকতৰ কৃষ্ণৰ কিংকৰ
সুন্দৰ শংকৰ কিয় নাই
ভকতি ফুলেৰে মালা আদৰেৰে
দিলোঁ যতনে পিন্ধাই
শংখ কাঁহ মুৰুলী
জোকাৰে উৰুলী
তোমাৰে মহিমা গাই
নামঘৰ চোতালে
নিতাল খোলে তালে
গোবিন্দৰ নাম গুণ গাই


সুৰৰে দেউলৰে ৰূপৰে শিকলি
ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ’ সুন্দৰ পূজাৰী অ’
যাউতি যুগীয়া বৰগীত অমিয়া
বনগীত সুৰীয়া বনগীত সুৰীয়া অ’
গোৱা অসমীয়া প্ৰাণ মন ভৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী অ’
তোৰে পৰশতে প্ৰাণৰে হৰিষে
তিয়াগী শুকুতি পাই ঐ মুকুতি
ৰাগৰে মুৰতি উটি ভাঁহি ফুৰে উৰি
পূজাৰী অ’
শংখ বজোৱা বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহেৰে আদৰি
পূজাৰী অ’ সুন্দৰ পূজাৰী অ’